{"product_id":"philosophy-of-the-teachings-of-islam-assamese-translation","title":"ইছলামী নীতি দর্শন (Philosophy of the Teachings of Islam, Assamese)","description":"\u003cp\u003e\u003cstrong\u003eহজৰত মিৰ্জা গোলাম আহমদ কাদিয়ানী (আঃ)\u003c\/strong\u003e\u003c\/p\u003e\n\u003cp\u003eহজৰত মিৰ্জা গোলাম আহমদ কাদিয়ানী মছীহ ও মাহদী মাওউদ (আঃ) ১৮৩৫ চনত ভাৰতবৰ্ষৰ এখন গাওঁ কাদিয়ানত জন্ম গ্ৰহণ কৰে। সৰুকালৰে পৰা তেখেত (আঃ) উপাসনাত মগ্ন থাকিছে। কোৰাণ মজিদ আৰু অন্যান্য কিতাপসমূহ অধ্যয়ন কৰাত মগ্ন থাকিছে। ইছলাম সেই সময়ত চাৰিওফালৰ পৰা আক্ৰান্তাত্মক অৱস্থাত আছিল। ইছলামৰ সেই পৰিস্থিতি চাই তেখেত বৰ দুঃখ প্ৰকাশ কৰিছিল। ইছলামৰ ওপৰত কৰা আক্ৰমণ আঁতৰ কৰিবলৈ আৰু ইছলামৰ শিক্ষা পৃথিৱীৰ বুকুত বিস্তাৰ কৰিবলৈ তেখেত (আঃ) যে ৯০ খনৰো অধিক পুস্তক ৰচনা কৰিছে আৰু হাজাৰ হাজাৰ চিঠি-পত্ৰ লিখিছে, আৰু বহু ধৰ্মীয় (যুক্তিসঙ্গত) তৰ্ক-বিতৰ্ক কৰিছে। তেখেত (আঃ)য়ে কৈছে যে ইছলাম সেই জীৱন্ত ধৰ্ম যি মানৱ-জাতিৰ সম্পৰ্ক নিজৰ সত্তা স্ৰষ্টাৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে, যাৰ অনুসৰণ কৰি মানৱ চৰিত্ৰ আৰু আধ্যাত্মিক মৰ্যাদা উন্নত কৰিব পাৰে।কম বয়সতে তেখেতে দিব্য দৰ্শন কথোপকথনৰ মৰ্যাদা লাভ কৰিছে। ১৮৮৯ চনত তেখেত (আঃ)য়ে বায়াতৰ শৃঙ্খলা আৰম্ভণী কৰে আৰু এটা পবিত্ৰ জমাতৰ বুনিয়াদ ৰাখে। শৃঙ্খলাবদ্ধতা কথোপকথনত দিনে দিনে উন্নতি লাভ কৰিছে, আৰু তেখেত (আঃ)য়ে আল্লাহৰ আদেশক্ৰমে ঘোষণা কৰে যে তেখেত শেষ যুগৰ মুচলেহ (সংস্কাৰক) হয় যাৰ ভৱিষ্যতবাণী বিভিন্ন ধৰ্মত বিভিন্ন নামেৰে নামাকৰণ আছিল। তেখেত (আঃ)য়ে এয়াও দাবী কৰিছে যে তেখেত সেই মছীহ ও মাহদী হয় যাৰ অহাৰ ভৱিষ্যতবাণী আঁহজৰত (ছাঃ)য়ে কৰি গৈছিল। আহমদীয়া মুছলিম জমাত বৰ্তমান দুই শ বো অধিক ৰাষ্ট্ৰত বিস্তাৰ লাভ কৰিছে।১৯০৮ চনত তেখেত (আঃ)ৰ মৃত্যুৰ পিছত কোৰাণ মজিদ আৰু আঁহজৰত (ছাঃ)ৰ ভৱিষ্যতবাণী অনুযায়ী তেখেত (আঃ)ৰ মিচন পৰিপূৰ্ণ হোৱাৰ বাবে খলিফাৰ ব্যৱস্থাপনা প্ৰতিষ্ঠিত হয়। বৰ্তমান বিশ্বৰ ইমাম হজৰত মিৰ্জা মছৰুৰ আহমদ চাহাব আহমদীয়া মুছলিম জমাতৰ পঞ্চম খলিফা হয়।\u003c\/p\u003e","brand":"AMI Bookstore","offers":[{"title":"Default Title","offer_id":54301925310739,"sku":"0891","price":4.0,"currency_code":"USD","in_stock":true}],"thumbnail_url":"\/\/cdn.shopify.com\/s\/files\/1\/0718\/1906\/7667\/files\/Philosophy_of_the_Teachings_of_Islam_Assamese.jpg?v=1781607031","url":"https:\/\/amibookstore.us\/products\/philosophy-of-the-teachings-of-islam-assamese-translation","provider":"AMI Bookstore","version":"1.0","type":"link"}